অসম প্রদেশ বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক ২০২৫ চনৰ সংসদ ৰত্ন বঁটা বাবে মনোনীত কৰা হৈছে। ৰাষ্ট্ৰীয় অন্যান্য পিছপৰা আয়োগৰ অধ্যক্ষ হংসবাজ গংগাৰাম অহিবৰ নেতৃত্বাধীন জুৰিৰ বোর্ডে সাংসদ শইকীয়াক এই বঁটাৰ বাবে মনোনীত কৰিছে। প্রাইম পইণ্ট ফাইণ্ডেচনে ২০১০ চনৰ পৰা সংসদ ৰত্ন বঁটা প্ৰদান কৰি আহিছে। এই বঁটা লাভ কৰা শইকীয়া হ’ল উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাংসদ। চলিত বৰ্ষত লোকসভা আৰু ৰাজ্যসভাৰ মুঠ ১৭ গৰাকী সাংসদে এই বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে। ১৭ গৰাকী সাংসদৰ লগতে সংসদৰ দুখন স্থায়ী সমিতি ষ্টেডিং কমিটি অন ফাইনেন্স আৰু ষ্টেডিং কমিটি অন এগ্রিকালচাবো আছে।
Assamese | May 19, 2025 1:40 PM | 2025 | Sansad Ratna Award
সাংসদ দিলীপ শইকীয়াক ২০২৫ চনৰ সংসদ ৰত্ন বঁটা বাবে মনোনীত