কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে এটা সহযোগিতামূলক শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক আহ্বান জনাইছে। নতুন দিল্লীত আজি কেন্দ্রীয় শাসিত শিক্ষা আৰু সাক্ষৰতা বিভাগসমূহৰ পৰ্যালোচনা বৈঠক মুকলি কৰি শ্ৰীপ্রধানে অনাগত ৫ বছৰত বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ডৰ বিকাশ সাধনৰ সন্দৰ্ভত তেওঁৰ চিন্তাধাৰা প্ৰকাশ কৰি এই আহ্বান জনায়। তেওঁ কৈছে যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ লক্ষ্যৰ বাবে শিক্ষা হৈছে এটা প্ৰধান স্তম্ভ আৰু তেওঁ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্যসমূহক এই লক্ষ্য সাধনৰ বাবে আহ্বান জনাইছে। তেওঁ কয় যে ভাৰতক জ্ঞানৰ মহাশক্তি হিচাপে গঢ়ি তোলা আৰু সকলোৱে যাতে গুণগত শিক্ষা লাভ কৰে তাৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণ কৰা হৈছে। ভাৰতীয় ভাষাসমূহত শিক্ষা লাভৰ সন্দৰ্ভত তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ য়ে মাতৃভাষা আৰু সকলো ভাৰতীয় ভাষাত শিক্ষা লাভৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
Assamese | July 9, 2024 8:33 PM | Education Minister
সহযোগিতামূলক শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক শিক্ষামন্ত্ৰীৰ আহ্বান