সর্বোচ্চ ন্যায়ালয়ে আয়োজন কৰা বিশেষ লোক আদালতৰ আজি অন্তিম দিন। জনসাধাৰণক সৰল আৰু খৰতকীয়াকৈ ন্যায় প্ৰদানৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সৰ্বোচ্চ ন্যায়ালয়ে ইয়াৰ ৭৫ সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে। লোক আদালতে খৰতকীয়াকৈ সুলভ আৰু ফলপ্ৰসু ন্যায় প্রদান কৰে। অনুষ্ঠানত ভাষণ দি আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে, এইবাৰৰ লোক আদালতৰ জৰিয়তে এহেজাৰতকৈও অধিক গোচৰ নিষ্পত্তি কৰা হয়। এই আদালতৰ জৰিয়তে দেৱানী, ভূমি অধিগ্ৰহণ আৰু বিবাহ সংক্রান্তীয় গোচৰসমূহ বিশেষকৈ নিষ্পত্তি কৰা হয়। মধ্যস্থতাৰ জৰিয়তে সমাধান কৰাটো ভাৰতীয় সংস্কৃতিৰ এটা পৰম্পৰা বুলিও শ্ৰী মেঘৱালে কয়।
Assamese | August 3, 2024 2:22 PM | LOK ADALOT | Supreme Court of India
সর্বোচ্চ ন্যায়ালয়ে আয়োজন কৰা বিশেষ লোক আদালতৰ আজি অন্তিম দিন