July 22, 2024 12:24 PM | Sampurnata Abhijan

printer

সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত স্বাস্থ্য আৰু কৃষি বিভাগৰ বিভিন্ন সজাগতামূলক কাৰ্যসূচী

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলতঃ প্রথম ৩ মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুক মাতৃ দুগ্ধপান কৰোৱাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। সম্প্রতি বান ক্ষতিগ্রস্ত অঞ্চলসমূহতো প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে এই অভিযানৰ অধীনত ব্যৱস্থা অব্যাহত ৰখা হৈছে। ইপিনে, চৰকাৰে ২০১৫ চনতে কৃষকৰ বাবে আৰম্ভ কৰা ভূমি স্বাস্থ্য কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মসহায়ক গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। একেদৰে বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰো লক্ষ্য লোৱা হৈছে। ৩ মাহজোৰা সম্পূর্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্রাম সভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে।