নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে আজি ধুবুৰী জিলাৰ বীৰসিং জৰোৱা উন্নয়ন খণ্ডৰ অধীনত বীৰসিং গাঁও পঞ্চায়তৰ কাৰ্যালয়ত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে। সম্পূর্ণতা অভিযানৰ কাৰ্যসূচীৰ অধীনত স্বাস্থ্য বিভাগে গ্রহণ কৰা সজাগতামূলক অনুষ্ঠানত ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মহিলা আৰু শিশুক উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা তথা পুষ্টিকৰ খাদ্য যোগানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কৃষি বিভাগে গ্রহণ কৰা কাৰ্যসূচীত মাটিৰ গুণাগুণ পৰীক্ষাকৰণ, ফলমূলৰ খেতি, ৰেচম পালন ইত্যাদি বিভিন্ন স্বাৱলম্বনৰ আধাৰ বিষয়ত সজাগতামূলক কার্যসূচী গ্ৰহণ কৰা হয়। সম্পূর্ণতা অভিযানৰ কাৰ্যসূচীত ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত, বীৰসিং স্বাস্থ কেন্দ্ৰৰ চিকিৎসক, ধুবুৰী জিলা কৃষি বিভাগৰ সহকাৰী উন্নয়ন বিষয়াকে ধৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।
Assamese | July 20, 2024 6:59 PM | Assam | Sampoornata Abhiyan
সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত