সম্পূর্ণতা অভিযানৰ অধীনত গৰ্ভৱতী আৰু প্ৰসূতি মহিলাৰ পৰিপুষ্টিৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত সম্পূর্ণতা অভিযান আৰু পৰিপুষ্টি শীৰ্ষক আলোচনাত অংশগ্ৰহণ কৰি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ মুৰববী অধ্যাপক ডাঃ মৌচুমী কৃষ্ণাত্রেয়ই এইদৰে কয়। সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সংবাদ মাধ্যমে উল্লেখযোগ্য ভূমিকা পালন কৰাৰ লগতে গাঁও তথা উন্নয়নখণ্ডসমূহত সজাগতা সভা, স্বাস্থ্য পৰীক্ষা শিবিৰ, বাটৰ নাট আদিৰ আয়োজন কৰিও সজাগতা সৃষ্টি কৰিব পাৰি বুলি তেওঁ উল্লেখ কৰে। আনহাতে পৰিপুষ্টিৰ বাবে গৰ্ভৱতী আৰু প্রসূতিসকলক খাদ্য যোগানৰ ধাৰাবাহিকতা ৰক্ষা হোৱাৰ লগতে তেওঁলোকে সেইবোৰ সঠিকভাৱে গ্ৰহণ কৰাটো নিৰীক্ষণ কৰাৰ প্ৰয়োজন বুলিও তেওঁ উল্লেখ কৰে। এই ক্ষেত্ৰত তেনে মহিলাসকলক সহজে উপলভ্য খাদ্য সামগ্রী খাবলৈ উপদেশ দিয়া উচিত বুলিও তেওঁ মন্তব্য কৰে। আনহাতে গৰ্ভৱতী মহিলাসকলে পঞ্জীয়নভুক্ত হৈ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাটো প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে।
Assamese | July 14, 2024 1:05 PM | sampurnata abhijan assam niti ayog
সম্পূর্ণতা অভিযানৰ অধীনত গৰ্ভৱতী আৰু প্ৰসূতি মহিলাৰ পৰিপুষ্টিৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্য