November 23, 2025 8:48 PM | Sitanath BrahmaChoudhury

printer

সমাজ সেৱক তথা দেশৰ স্বাধীনতা আন্দোলনৰ সক্রিয় কর্মী সীতানাথ ব্ৰহ্মচৌধুৰীৰ পূণ্য তিথি উপলক্ষে  শ্রদ্ধা নিবেদন

বিশিষ্ট লেখক, কবি, সমাজ সেৱক তথা দেশৰ স্বাধীনতা আন্দোলনৰ সক্রিয় কর্মী সীতানাথ ব্ৰহ্মচৌধুৰীৰ পূণ্য তিথি উপলক্ষে আজি শ্রদ্ধা নিবেদন কৰা হৈছে। ১৯৮১ আৰু ১৯৮২ চনত অসম সাহিত্য সভাৰ ক্ৰমে তিনিচুকীয়া আৰু ডিফু অধিবেশনত সভাপতি হিচাপে কার্যনির্বাহ কৰা ব্রহ্মচৌধুৰী ১৯৫২ চনত গোৱালপাৰাৰ তেতিয়াৰ গাৰো পাহাৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ সাংসদ হিচাপে নির্বাচিত হৈছিল। কদমকলি, আবেগৰ চকুলো, ফুলেশ্বৰী দৈমাৰী আদি গ্ৰন্থৰে তেওঁ অসমীয়া আৰু বড়ো ভাষা আৰু সাহিত্যলৈ বৰঙণি যোগাই গৈছে।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বড়ো তথা অসমীয়া ভাষা সাহিত্যৰ উজ্জ্বল জ্যোতিষ্কসদৃশ ব্যক্তিত্ব সীতানাথ ব্রহ্মচৌধুৰীৰ পূণ্য তিথি উপলক্ষে গভীৰ শ্রদ্ধা নিবেদন কৰিছে। বড়ো আৰু অসমীয়া ভাষা সাহিত্যৰ সাধনাক জীৱনৰ ব্ৰত হিচাপে লোৱা ব্ৰহ্মচৌধুৰীৰ স্মৃতি দিৱস উপলক্ষে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱেও শ্রদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনৰ সমৃদ্ধি আৰু উন্নতিৰ বাবে ব্ৰহ্মচৌধুৰীয়ে গ্ৰহণ কৰা ভূমিকা স্মৰণীয় বুলি উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।