সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰঙিয়া নির্বাচনী জিলাত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ৰঙিয়া নির্বাচনী জিলাৰ অন্তৰ্গত ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টিৰ ভোট কৰ্মীসকলৰ আজি অন্তিমটো প্রশিক্ষণ সম্পন্ন কৰা হয়। এই প্রশিক্ষণ কাৰ্যসূচীত ৪৭৬ টা ভোটকেন্দ্ৰৰ বাবে প্ৰায় দুহেজাৰ পোলিং আৰু প্রিজাইডিং বিষয়াক প্রশিক্ষণ প্ৰদান কৰা হয়। ৰঙিয়া নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়া দেৱাশীষ গোস্বামীয়ে আমাৰ সংবাদদাতাৰ সৈতে হোৱা কথা-বতৰাত ৩৫ শতাংশ ই ভি এম আৰু ভি ভি পেট অতিরিক্তভাৱে সাজু কৰা হৈছে বুলি জানিবলৈ দিছে। লগতে দিব্যাংগ আৰু বয়সীয়াল ভোটাৰসকলৰ বাবে প্ৰতিটো কেন্দ্ৰত হুইল ছেয়াৰ সাজু কৰি ৰখা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।
Assamese | April 22, 2024 8:31 PM | election updates
সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰঙিয়া জিলাত প্ৰস্তুতি সম্পূৰ্ণ