September 7, 2026 7:35 PM | Assam Bye-Election

printer

সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন ২০২৬ৰ সময়সূচী ঘোষণা

নির্বাচন আয়োগে সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন ২০২৬ৰ সময়সূচী ঘোষণা কৰিছে। সেই অনুসৰি অহা ১৬ ছেপ্তেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন, ১৯ ছেপ্তেম্বৰ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন, ৬ অক্টোবৰত ভোটগ্রহণ আৰু ৯ অক্টোবৰৰ্ত ভোটগণনা অনুষ্ঠিত হ’ব।

ইপিনে নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি এখন পর্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্রী জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকৈ ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। বিজেপিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজিত বৈঠকত নির্বাচনী প্রস্তুতি তথা তৃণমূল পৰ্যায়ৰ কাম-কাজ পর্যালোচনা কৰা হয়।

আনহাতে, নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে মৰিগাঁৱৰ জিলা আয়ুক্ত সৃষ্টি সিংহই আজি মৰিগাঁৱৰ ই ভি এম গুডামঘৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত ই ভি এম আৰু ভি ভি পেটৰ সুৰক্ষিত সংৰক্ষণ, চি চি টিভি নিৰীক্ষণ ব্যবস্থা, প্রবেশ নিয়ন্ত্রণ আৰু দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰণৰ বিষয়সমূহ পর্যালোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক সুৰক্ষা ব্যৱস্থা বজাই ৰাখি সমাগত উপ-নির্বাচন সুচাৰুৰূপে, সুৰক্ষিতভাৱে আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে সম্পূর্ণ প্রস্তুতি নিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে।