সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। ৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছ দলে ভোটদাতাক নিজৰ দলীয় প্ৰাৰ্থীৰ প্ৰতি আকৰ্ষণ কৰিবলৈ ৰোড শ্ব’, ৰাজহুৱা সভা আৰু জনসাধাৰণৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই আছে।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কিৰাড়ী, কেৰলবাগ আৰু জনকপুৰী আসনকেইখনৰ বাবে আজি বিয়লিৰ পৰা দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ চলাবলৈ ৰাজহুৱা সভাত অংশ ল’ব। একেদৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামিয়ে পালম আৰু দিল্লী কণ্টেইনমেণ্ট আসনৰ বাবে প্ৰচাৰ চলাব। মধ্য প্ৰদেশৰ মুখ্যমন্ত্রী মোহন যাদৱেও মাদিপুৰ আৰু ৰোহিণী আসন দুখনৰ বাবে আজি সন্ধিয়া প্ৰচাৰ কাৰ্যত ভাগ ল’ব।
আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিঙে মতিনগৰ আৰু মডেল বিধানসভা আসনখনৰ বাবে আজি সন্ধিয়া প্ৰচাৰ চলাব। আম আদমী পাৰ্টীৰ নেতা তথা পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কস্তুৰবা নগৰ আসনখনৰ বাবে মেহৰুলীত ৰোড শ্ব কৰাৰ লগতে শ্বাট্টাৰপুৰ আসনখনৰ বাবে প্ৰচাৰ কাৰ্যত ভাগ ল’ব।
জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মুস্তাফাবাদ আসনখনৰ বাবে দলীয় প্রার্থী আলী মেহদিৰ হৈ প্ৰচাৰ চলাব। দিল্লীৰ কংগ্ৰেছ সভাপতি দেৱেন্দ্ৰ যাদৱ আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি দলৰ শীৰ্ষ গীত মুকলি কৰিব ৷
Assamese | January 23, 2025 7:52 PM | Delhi Election
সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত