আধুনিক ধাত্রী বিদ্যাৰ প্ৰতিষ্ঠাপক ফৰেষ্ট নাইটিংগেলৰ জন্মবার্ষিকী উপলক্ষে সমগ্ৰ বিশ্বত আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস পালন কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰিষদ আই চি এনে প্ৰতিবছৰে এই গুৰুত্বপূৰ্ণ দিনটোত উদযাপন কৰে। এই বছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে- আমাৰ নাৰ্চ, আমাৰ ভৱিষ্যৎ, নাৰ্চসকলৰ যত্ন লোৱাতেই অর্থনীতি শক্তিশালী কৰে। আই চি এনৰ সভাপতি পামেলা চিপ্ৰিয়ানোৱে তেওঁৰ এটা বাৰ্তাত কয়, যে নার্চসকলে দৈনন্দিন এনে যত্ন গ্রহণ কৰে, যিয়ে জীৱন ৰক্ষা কৰে, ৰোগীসকলক তেওঁলোকৰ অতি জটিল মুহূৰ্তত কাষত থিয় দিয়ে আৰু স্বাস্থ্য ব্যৱস্থাক ৰূপান্তৰিত কৰে। বিশ্ব স্বাস্থ্য সংস্থায়ো নার্চসকলক বিশ্বজুৰি স্বাস্থ্য ব্যৱস্থাৰ হৃদপিণ্ড বুলি অভিহিত কৰি শুভেচ্ছা জ্ঞাপন কৰিছে।
Assamese | May 12, 2025 11:31 AM | International Nurse Day
সমগ্ৰ বিশ্বত আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস পালন