পৰিবেশ সংৰক্ষণৰ প্ৰচেষ্টাসমূহক উৎসাহিত কৰাৰ উদ্দেশ্যে সমগ্র বিশ্বতে আজি বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হৈছে। পৃথিৱী বনাম প্লাষ্টিক শীৰ্ষক বিষয়বস্তুৰ জৰিয়তে প্লাষ্টিক প্ৰদূষণ তথা প্ৰকৃতিৰ ওপৰত প্লাষ্টিকে পেলোৱা প্ৰতিকূল প্রভাৱ সন্দৰ্ভত আলোকপাত কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্নিয়াৰ উপকূলত তেলৰ বৃহৎ অপচয় হোৱাৰ কেইমাহমানৰ পাছত ১৯৭০ চনৰ ২২ এপ্ৰিলত ধৰিত্ৰী দিৱসৰ সূচনা কৰা হৈছিল। এই দিৱসে পৰিবেশ সংৰক্ষণ কৰিবলৈ প্ৰতিগৰাকী ব্যক্তিক সোঁৱৰাই দিয়াৰ লগতে এটা উন্নত ভৱিষ্যত তথা সুস্থ পৃথিৱী গঢ়াৰ হকে সকলোকে উৎসাহিত কৰে।
Assamese | April 22, 2024 5:44 PM | earth day
সমগ্র বিশ্বতে আজি বিশ্ব ধৰিত্ৰী দিৱস পালন