May 23, 2024 12:05 PM | 7th Phase Election

printer

সপ্তম পর্যায়ত দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ

সপ্তম পর্যায়ত অহা ১ জুনত দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নির্বাচন আয়োগে প্ৰকাশ কৰা মতে এই পৰ্যায়ৰ বাবে দুহেজাৰ ১০৫ খন মনোনয়ন দাখিল কৰা হৈছিল। পৰীক্ষাৰ অন্তত ৯৫৪ খন মনোনয়ন বৈধ বুলি বিবেচিত হৈছিল। পঞ্জাৱৰ ১৩ টা সমষ্টিৰ বাবে সৰ্বাধিক ৫৯৮ খন মনোনয়ন দাখিল কৰা হৈছিল। আনহাতে, উত্তৰ প্ৰদেশত ১৩ টা সমষ্টিৰ বাবে ৪৯৫ খন মনোনয়ন দাখিল হৈছিল। সপ্তম তথা অন্তিম পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খনকৈ আসনৰ লগতে পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮, ওড়িশাৰ ৬, হিমাচল প্ৰদেশৰ ৪, ঝাৰখণ্ডৰ ৩ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ এখন আসনৰ বাবে ভোটগ্রহণ কৰা হ’ব। অহা ৪ জুনত ভোটগণনা অনুষ্ঠিত হ’ব।