প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেঞ্চলাৰ অ’লাফ ছোল্জে আজি নতুন দিল্লীত সপ্তম আন্তঃচৰকাৰী পৰামৰ্শ বৈঠকত সহ অধ্যক্ষতা কৰিব। শ্রীছোল্ল্জ যোৱানিশা তিনিদিনীয়া ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। আন্তঃচৰকাৰী পৰামৰ্শ বৈঠক পূৰ্ণ চৰকাৰী মঞ্চ আৰু ইয়াৰ অধীনত দুয়োপক্ষৰ মন্ত্রীসকলে নিজ নিজ ক্ষেত্ৰৰ দায়িত্ব সম্পৰ্কে আলোচনা কৰে আৰু ইয়াৰ প্ৰতিবেদন প্রধানমন্ত্ৰী আৰু চেন্সেলৰৰ হাতত প্ৰদান কৰে। দুয়োগৰাকী নেতাই সুৰক্ষা আৰু প্ৰতিৰক্ষা সহযোগিতা, ঘনিষ্ঠ অর্থনৈতিক সহযোগিতা, সেউজ আৰু বহনক্ষম উন্নয়ন অংশীদাৰিত্ব তথা উদীয়মান আৰু কৌশলগত প্ৰযুক্তিৰ ক্ষেত্ৰৰ সহযোগিতা সম্পর্কে আলোচনা কৰাৰ উদ্দেশ্যে আজি দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। নেতা দুগৰাকীয়ে লগতে অষ্টাদশ এছিয়া প্রশান্ত সন্মিলনকো সম্বোধন কৰিব।
Assamese | October 25, 2024 10:47 AM | Indo-German
সপ্তম আন্তঃচৰকাৰী পৰামৰ্শ বৈঠকত সহ অধ্যক্ষতা কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেঞ্চলাৰ অ’লাফ ছোল্জে