গুৱাহাটীৰ চচল টেনিচ প্ৰকল্পত সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত চলি থকা অইল আইটা চুপাৰ চিৰিজ ৰাষ্ট্ৰীয় ৰেংকিং টেনিচ প্রতিযোগিতাৰ আজি চাৰিওটা শাখাৰে একক প্রি-কোৱাৰ্টাৰ ফাইনেলৰ মেচসমূহ অনুষ্ঠিত হয়। ১৪ বছৰ অনূর্ধ শাখাত অসমৰ ছগৰাকী খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ১৬ বছৰ অনুৰ্ধৰ একক শাখাত অসমৰ পাৰ্থিৱ কলিতা আৰু নমন বৰাই বিজয়ী হোৱাৰ লগতে ছোৱালী শাখাত অসমৰ আয়ুশ্ৰী নাথে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসম টেনিছ সন্থাৰ সম্পাদকে প্ৰকাশ কৰা অনুসৰি আজি আবেলিৰ পৰা ল’ৰা-ছোৱালী উভয়ৰে ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ মেচসমূহো আৰম্ভ হৈছে।
Assamese | August 12, 2025 8:58 PM | Oil Aita Super Series
সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত অইল আইটা চুপাৰ চিৰিজ