ধেমাজিৰ নিলখ হাইস্কুল খেলপথাৰৰ বিশ্ববীৰ চিলাৰায় সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম কোচ সন্মিলনৰ ৩৬ সংখ্যক বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ আজি সামৰণি পৰে। অন্তিম দিনাৰ কাৰ্যসূচীৰ অংশৰূপে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত জনগোষ্ঠীটোৰ ঐতিহ্য আৰু পৰম্পৰাৰ প্রতিফলন ঘটোৱা হয়। ৰাজ্যৰ বিভিন্ন জিলাৰ প্রতিনিধিয়ে অংশগ্রহণ কৰা এই অধিবেশনত জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা আৰু দাবী সম্পর্কে আলোচনা কৰা হয়।
Assamese | March 23, 2025 7:23 PM | All Assam Koch Rajbangshi
সদৌ অসম কোচ সন্মিলনৰ ৩৬ সংখ্যক বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ সামৰণি