নেচনেল ষ্টক এক্সচেঞ্জৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াই ষ্টক মার্কেট সন্দৰ্ভত পৰামৰ্শ দিয়া দিপফেক ভিডিঅ সমূহৰ বিৰুদ্ধে দ্রুত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বোম্বে উচ্চ ন্যায়ালয়ে সামাজিক মাধ্যম মঞ্চৰ মধ্যস্থতাকাৰীক নিৰ্দেশ দিছে। ন্যায়াধীশ আৰ আই চাগলাৰ বিচাৰপীঠে ফেচবুক, ৱাটছএপ, ইনষ্টাগ্ৰাম, টেলিগ্ৰামৰ দৰে ছ’ছিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা এন এছ ইৰ ট্ৰেড মাৰ্ক উলংঘন কৰা সকলো একাউণ্ট আতৰোৱাৰ লগতে ভুৱা ভিডিঅ’ প্ৰকাশ কৰা আৰু এন এছ ইৰ পঞ্জীয়নভুক্ত ট্রেড মার্ক ব্যৱহাৰ কৰা সকলো একাউণ্টৰ সবিশেষ প্ৰদান কৰি ৩ সপ্তাহৰ ভিতৰত তেওঁলোকৰ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে এই বিষয়টো ১৯ আগষ্টত পৰৱৰ্তী শুনানিৰ বাবে স্থগিত ৰাখিছে।
Assamese | July 21, 2024 8:16 PM | Stock Market
ষ্টক মার্কেট সন্দৰ্ভত পৰামৰ্শ দিয়া দিপফেক ভিডিঅ সমূহৰ বিৰুদ্ধে দ্রুত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বোম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ