শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ ৩২ সংখ্যক অধিৱেশনৰ তৃতীয় দিনা আজি বিভিন্ন বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। যোৱা ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত অধিৱেশনৰ আজি অন্তিম দিনা ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে মুকলি সভাও অনুষ্ঠিত হয়। আজি সন্ধিয়া মহিলাসকলে গুৰুজনা ৰচিত ভাওনা প্ৰদৰ্শন কৰিব। ভাগী ধোপাবৰ আঞ্চলিক শাখাৰ উদ্যোগত শাখাৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত এই অধিৱেশনত শিশু, মহিলা, যুৱক-যুৱতীৰ লগতে বহুসংখ্যক ভকত- বৈষ্ণৱে অংশগ্ৰহণ কৰিছে।
Assamese | February 2, 2025 7:38 PM | Srimanta sankardev sangha
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ ৩২ সংখ্যক অধিৱেশন বিভিন্ন বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত