তিনিচুকীয়া অসামৰিক চিকিৎসালয় আৰু তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত জন্ম হোৱা নৱজাতকৰ প্রমাণ-পত্ৰ তাৎক্ষণিকভাৱে প্ৰদান কৰাৰ ব্যৱস্থা আজি শ্ৰম আৰু শ্রমিক কল্যাণ মন্ত্রী সঞ্জয় কিষাণে শুভাৰম্ভ কৰে। এই অনুসৰি দুয়োখন চিকিৎসালয়ত জন্ম লাভ কৰা নৱজাতকৰ মাতৃক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়তে এই প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ’ব। চিকিৎসালয়খনত নৱজাতকক আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাও মন্ত্ৰীগৰাকীয়ে মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এনে অভিনৱ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে সম্প্রতি জন্মৰ প্ৰমাণপত্ৰ আৰু আধাৰ কাৰ্ড এগৰাকী ব্যক্তিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ নথি। তেওঁ আজি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৬টা নৱজাতকৰ অভিভাৱকক জন্মৰ প্ৰমাণ-পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে।
Assamese | August 15, 2024 7:10 PM | Sanjoy Kishan
শ্ৰম মন্ত্রী সঞ্জয় কিষাণৰ তিনিচুকীয়াত নৱজাতকৰ প্রমাণ-পত্ৰ তাৎক্ষণিকভাৱে প্ৰদান ব্যৱস্থাৰ শুভাৰম্ভ