শ্ল’ভাকিয়াৰ কনষ্টেনটাইন দ্যা ফিল’চফাৰ বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুর্ক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰিছে। সমাজ সেৱা, সামাজিক ন্যায় আৰু শিক্ষা তথা মহিলা সবলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে শ্রীমতী মুমুর্ক এই সন্মান প্রদান কৰা হৈছে। এই উপলক্ষে দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাক পৰিৱৰ্তনৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি উল্লেখ কৰে। শিক্ষা, বিজ্ঞান, সংস্কৃতি আদি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বিশ্ববিদ্যালয়খনে এই সন্মানীয় উপাধি প্ৰদান কৰি আহিছো। শ্লভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলিগ্ৰিণীয়ে শ্ৰীমতী মুমুৰ এই ভ্রমণক উভয় দেশৰ দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে অভিহিত কৰিছে।
Assamese | April 11, 2025 9:44 AM | Prez Award
শ্ল’ভাকিয়াত শ্ৰীমতী দ্রৌপদী মুমুর্ক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান