June 26, 2026 7:20 PM | CM in Hospital

printer

শ্রী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা অংশগ্ৰহণ

স্বাস্থ্য খণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰ, মাতৃসকলৰ যত্নৰ ক্ষেত্ৰত জনসজাগতা বৃদ্ধিৰ ফলত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্রাস পাইছে। গুৱাহাটীত থকা শ্রী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ ১১০ বছৰীয়া প্ৰতিষ্ঠা দিৱসত অংশ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। তেওঁ কয় যে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্রতি লাখত ২০০৬ বৰ্ষৰ ৪৮০ৰ পৰা বৰ্তমান সময়ত ৮৪লৈ হ্রাস পাইছে। এয়া অসমৰ স্বাস্থ্য খণ্ডৰ বাবে যুগান্তকাৰী সাফল্য বুলি তেওঁ উল্লেখ কৰে। ভাষণ প্রসঙ্গত তেওঁ অসমীয়া সমাজ সংস্কৃতিৰ উন্নয়নত মাৰোৱাৰী সমাজে আগবঢ়োৱা অৱদান সম্পর্কে আলোকপাত কৰে।

এই অনুষ্ঠানত জি এন আৰ চিৰ মুখ্য পৰিচালন সঞ্চালক ডাঃ নোমল চন্দ্ৰ বৰালৈ জীৱন-জোৰা সাধনা বঁটা প্ৰদান কৰাৰ লগতে এখন স্মৰণিকা উন্মোচন কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।