শ্রীভূমি জিলাত ধাৰাষাৰ বৰষুণৰ ফলত কুশিয়াৰা নৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনসাধাৰণক বিশেষ সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।
বান ক্ষতিগ্ৰস্ত অঞ্চল সমূহৰ জনসাধাৰণক আশ্ৰয় দিয়াৰ বাবে প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ সমূহত অত্যাৱশ্যকীয় সামগ্রী বিতৰণ ব্যৱস্থা অব্যাহত ৰখা হৈছে।