শ্রম পৰিসংখ্যা বিষয়ক উচ্চস্তৰীয় কাৰিকৰী বিশেষজ্ঞ সমিতিৰ অধ্যক্ষ হিচাপে অর্থনীতিবিদ অধ্যাপক অলখ এম শৰ্মাক নিযুক্তি

কেন্দ্ৰীয় চৰকাৰে বিশিষ্ট অর্থনীতিবিদ অধ্যাপক অলখ এম শৰ্মাক শ্রম পৰিসংখ্যা বিষয়ক উচ্চস্তৰীয় কাৰিকৰী বিশেষজ্ঞ সমিতিৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে। সমিতিখনে দেশত কর্মসংস্থাপন আৰু শ্রম বজাৰৰ সৈতে জড়িত পৰিসংখ্যাৰ মূল্যায়ণ কৰিব আৰু সেইসমূহ নিখুঁট, ব্যাপক আৰু সময়মতে উপলব্ধ কৰোৱাৰ উপায় সম্পর্কে পৰামৰ্শ আগবঢ়াব।

সমিতিখনে দেশৰ পৰিৱৰ্তিত শ্রম বজাৰৰো অধ্যয়ন কৰিব। অধ্যাপক শর্মা বর্তমান মানৱ বিকাশ প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে কৰ্মৰত। কর্ম সংস্থাপন, শ্রম আৰু দৰিদ্ৰতা, জীৱিকা আৰু উন্নয়নৰ সৈতে জড়িত বিষয়ৰ গৱেষণা আৰু নীতি প্রণয়নৰ ক্ষেত্ৰত তেওঁৰ চাৰি দশকৰো অধিক অভিজ্ঞতা আছে।