June 26, 2026 8:37 PM | issf shooting

printer

শ্বুটিঙৰ আইএছএছএফ জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ পিষ্টল আৰু ৰাইফল ইভেন্টত ভাৰতৰ শীৰ্ষস্থান

জার্মানীত অনুষ্ঠিত শ্বুটিঙৰ আইএছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ পিষ্টল আৰু ৰাইফল ইভেন্টত আকর্ষণীয় প্ৰদৰ্শনৰ জৰিয়তে ভাৰতীয় শ্বুটাৰসকলে সাতটা স্বর্ণ পদক লাভ কৰি পদক তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। প্রতিযোগিতাত ভাৰতে সর্বমুঠ ২৪ টা পদক লাভ কৰিছে তাৰ ভিতৰত সাতটা স্বর্ণ, আঠটা ৰূপ আৰু নটা ব্ৰঞ্জৰ পদক।

ছেজল কাম্বলে মহিলাৰ ১০ মিটাৰ এয়াৰ পিস্তলৰ স্বৰ্ণ আৰু হিমাংশীয়ে ব্ৰঞ্জৰ পদক লাভ কৰি প্ৰতিযোগিতাত ভাৰতৰ অভিযান আৰম্ভ কৰে। তাৰ পিছতে ছেজল, বংশিকা আৰু নব্যা বিষ্ণোই দলীয় ইভেন্টত স্বর্ণ পদক লাভ কৰে। সমীৰে পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল ইভেন্টত সোণৰ পদক লাভ কৰাৰ লগতে পুৰুষৰ ৫০ মিটাৰ ৰাইফল ও পজিচন প্রতিযোগিতাত ৰোহিত কানয়ান বিজয়ী হয়। মহিলাৰ ৫০ মিটাৰ ৰাইফেল ও-পজিচন ইভেন্টত প্রাচী গাইকোৱাড়ে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে পুৰুষৰ ৫০ মিটাৰ ৰাইফেল 3-পজিচন দল আৰু পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল দলৰ ইভেন্টত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে। আনভি ৰাথোডে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফেলত ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফেলত প্রীতম কেন্দ্ৰেয়ে সোণৰ পদক লাভ কৰে। পুৰুষ আৰু মহিলাৰ ২৫ মিটাৰ পিস্তল দলীয় ইভেন্টত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলত শিৱ নৰৱালে ৰূপৰ পদক লাভকৰে আৰু যুগ প্রতাপ সিং ৰাথোড়ে দেশৰ হৈ ডাবল পডিয়াম ফিনিচ সম্পূৰ্ণ কৰিবলৈ ব্ৰঞ্জৰ পদক লাভ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।