শিৱসাগৰ জিলাৰ কেইবাখনো নদীৰ পানীৰ স্তৰ ক্ৰমশঃ হ্ৰাস পাইছে যদিও বহু ঠাইত পানীৰ স্তৰ এতিয়াও বিপদসীমাৰ ওপৰতে আছে। জিলা জলসম্পদ নিয়ন্ত্রণ কক্ষৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ, দিহিং আৰু দিখৌ নদীৰ জলস্তৰ সামান্য হ্ৰাস পাইছে। দিচাং নদীৰ এ টি ৰোড ক্ৰছিং আৰু দৰিকা নদীৰ ধাইআলিত পানীৰ স্তৰ পুনৰ বৃদ্ধি পাইছে।
ইপিনে, জিলাখনৰ একাধিক বান প্রভাৱিত অঞ্চলত জনসাধাৰণে সময়মতে উদ্ধাৰ আৰু সাহায্য লাভ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি কালি পৰ্যন্ত নাজিৰা, শিৱসাগৰ আৰু ডিমৌ ৰাজহ চক্ৰত এহেজাৰ ৩৩৫ কুইণ্টলৰো অধিক চাউল, ২৫৯ কুইণ্টলৰো অধিক দাইল, এক লাখ ৭৪ হাজাৰ ৩০৫ লিটাৰ খোৱাপানী, ৪ হাজাৰ ৭১৫ খন টিপাল, ২ হাজাৰ ৩২০ লিটাৰ শিশু খাদ্য বিতৰণ কৰা হৈছে।