July 25, 2026 8:55 PM | sivsagar flood

printer

শিৱসাগৰ জিলাত বান পৰিস্থিতি কিছু উন্নত

শিৱসাগৰ জিলাত বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। ভালেমান ঠাইত পানী কমিছে যদিও কেতবোৰ অঞ্চলত বান পৰিস্থিতি জটিল হৈয়ে আছে। জল সম্পদ বিভাগৰ শেহতীয়া তথ্য অনুসৰি ব্ৰহ্মপুত্র, দিহিং, দিচাং আৰু দিখৌ নৈৰ জলস্তৰ কেতবোৰ অঞ্চলত বিপদ সীমাৰ তললৈ নামিছে। দিচাং নদীৰ জলস্তৰ নঙলামাৰা আৰু এ টি ৰোড ক্ৰচিঙত হ্ৰাস পাইছে। নাজিৰা আৰু গোৱাল গাঁৱত দিখৌ নৈৰ জলস্তৰ বিপদ সীমাৰ তলেৰে বৈ আছে। অৱশ্যে এ টি ৰোড ক্ৰচিঙত দিখৌ, ধাইআলিত দৰিকা আৰু এ টি ৰোড ক্ৰচিঙত মিতং নৈৰ জলস্তৰ এতিয়াও বিপদ সীমাৰ এপৰতে আছে।

যোৰহাট জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উদ্যোগত আজি বান সাহায্য কাৰ্যসূচী ৰূপায়ন কৰা হয়। সন্থাৰ প্রতিনিধি দলে বানাক্রান্ত দূর্গম অঞ্চললৈ গৈ সাহায্য সামগ্রী বিতৰণ কৰে।