শিৱসাগৰ জিলাৰ কোনো কোনো অঞ্চলত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰকোপ বৃদ্ধি পোৱাত জিলা প্রশাসনে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত জিলাখনৰ ভাৰপ্ৰাপ্ত জিলা দণ্ডাধীশ সমীৰণ বৰাই ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩,ৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত কালি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞা অনুসৰি আমগুৰি ৰাজহ চক্ৰৰ অধীনত জীৱিত গাহৰি, গাহৰি মাংসৰে প্ৰস্তুত কৰা সামগ্ৰী আৰু গাহৰি মাংসৰ সৰবৰাহ নিষিদ্ধ কৰা হৈছে। আনহাতে, আমগুৰি ৰাজহ চক্ৰৰ অধীনত গাহৰিৰ মৃত্যুৰ সন্দৰ্ভত যিকোনো বিষয় বা বাতৰি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দৃষ্টিগোচৰ কৰাৰ লগতে মৃত গাহৰিৰ দেহটো দকৈ মাটি খান্দি তথা কঠোৰ জৈৱ সুৰক্ষামূলক ব্যৱস্থা অৱলম্বন কৰি পুতি থোৱাটো বাধ্যতামূলক কৰা হৈছে। গাহৰি উৎপাদক তথা গাহৰি পালকসকলক নতুনকৈ কোনো স্থানত যাতে আফ্রিকান ছোৱাইন ফিভাৰ ৰোগৰ সংক্ৰমণ হ’ব নোৱাৰে, সেইক্ষেত্ৰত কঠোৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে। এই আদেশ অনুসৰি গাহৰিৰ খাদ্যৰ যিকোনোধৰণৰ পৰিবহণৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে। পৰৱৰ্তী আদেশ নিদিয়া পর্যন্ত এই আদেশ বাহাল থাকিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।
Assamese | October 25, 2025 11:53 AM | African swine fever
শিৱসাগৰৰ কোনো কোনো অঞ্চলত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰকোপ বৃদ্ধি