শিৱসাগৰ জিলাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ আজি অন্তিম দিনা তলাতল ঘৰৰ বাকৰিৰ পৰা এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক প্ৰতিফলিত কৰা এই শোভাযাত্ৰা লোক সংস্কৃতিৰ সাধক তথা শিক্ষাবিদ ড° অনিল শইকীয়াই উদ্বোধন কৰে। পুৱাৰ ভাগত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্য, সভাপতি উৎপল শৰ্মাকে ধৰি ছাত্ৰ সন্থাৰ সদস্যসকলে পথৰুঘাটৰ কৃষক বিদ্ৰোহত প্ৰাণ আহুতি কৃষক ছহিদসকলক সুঁৱৰি ছহিদ বেদীত বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত সন্থাৰ সাধাৰণ সভা উপলক্ষে প্রকাশিত তিনিখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ প্ৰতিনিধি সভাত কালি সংগঠনটোৰ পৰৱৰ্তী সাধাৰণ সম্পাদক হিচাপে সমীৰণ ফুকনক বাছনি কৰা হয়। প্রতিনিধি সভাই সংগঠনটোৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেক উপ-সভাপতি হিচাপে মনোনীত কৰাৰ লগতে তিনিচুকীয়াৰ সমৰ গোহাঁই, চৰাইদেউৰ অনুপজ্যোতি ভূঞাক সহকাৰী সাধাৰণ সম্পাদক হিচাপে আৰু শোণিতপুৰৰ নয়নজ্যোতি গগৈক সাংগঠনিক সম্পাদক হিচাপে মনোনীত কৰে।
Assamese | January 28, 2025 8:29 PM | AASU | aasu sivsagar meeting
শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ আজি অন্তিম দিন