দেশৰ অনন্য পৰিচয় প্ৰাধিকৰণ- UIDAIয়ে ৭ বছৰ আৰু ইয়াৰ ঊৰ্ধৰ শিশুসকলৰ বাধ্যতামূলক বায়’মেট্ৰিক উন্নীতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ পিতৃ-মাতৃ তথা অভিভাৱকসকলৰ প্ৰতি আহ্বান জনাইছে। ইলেকট্ৰনিকছ আৰু তথ্য প্রযুক্তি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি বৰ্তমানৰ নীতি-নিৰ্দেশনাৰ অধীনত শিশুৰ বিকাশগত কাৰণত পৰিচয় চিনাক্তকৰণৰ ক্ষেত্ৰত ৫ বছৰ বয়সৰ তলৰ শিশুসকলক আঙুলিৰ চাপ অথবা চকুৰ মণিবলয়ৰ পৰীক্ষাৰ পৰা ৰেহাই দিয়া হৈছে। অৱশ্যে শিশুটিৰ বয়স ৫ বছৰ হোৱাৰ লগে লগে বায়’মেট্ৰিক উন্নীতকৰণ প্ৰক্ৰিয়া বাধ্যতামূলক কৰা হৈছে আৰু ৫ৰ পৰা ৭ বছৰৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূর্ণ বিনামূলীয়া বুলিও মন্ত্ৰালয়ে লগতে প্রকাশ কৰিছে। UIDAIয়ে বাধ্যতামূলক বায়’মেট্রিক উন্নীতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে এনে শিশুৰ বাবে পঞ্জীয়নভুক্ত মোবাইল নম্বৰলৈ ইতিমধ্যে এছ এম এছ বাৰ্তা প্ৰেৰণ কৰিছে ।
Assamese | July 16, 2025 12:40 PM | uidai
শিশুসকলৰ বাধ্যতামূলক বায়’মেট্ৰিক উন্নীতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ UIDAIৰ আহ্বান