শিক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয়ত ভিত্তিহীন অভিযোগ আৰু অপপ্ৰচাৰে কেৱল বিভ্ৰান্তি আৰু অনিশ্চয়তাহে সৃষ্টি কৰে বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে।
বিজেপি ৰাজ্যিক কার্যালয়ত আজি এখন সংবাদ মেলত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তি পৰীক্ষা নীট ইউ-জি কেন্দ্ৰিক শেহতীয়া ঘটনাৱলীক লৈ ৰাজনীতি কৰাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক গৰিহণা দি মন্ত্ৰীগৰাকীয়ে কয় যে লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই স্বচ্ছতা আৰু বিশ্বাস প্ৰকাশ কৰাৰ সময়ত দায়িত্বশীল আৰু তথ্যভিত্তিক বক্তব্যইহে পৰিস্থিতি সুস্থিৰ কৰি ৰাখিব পাৰে।
ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ কেতিয়াও স্বাৰ্থ পূৰণৰ আহিলা হ’ব নালাগে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে বিজেপি সদায় নিৰপেক্ষ তদন্ত আৰু দোষীক আইনৰ আওঁতালৈ অনাৰ দাবীত অটল হৈ আছে। তেওঁ লগতে বিভ্ৰান্তিকৰ অপপ্ৰচাৰৰ বলি নহৈ যুৱ প্ৰজন্মৰ সপোন সুৰক্ষিত কৰিবলৈ, শিক্ষা ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস অধিক সুদৃঢ় কৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থক সদায় দলীয় ৰাজনীতিৰ উৰ্ধত স্থান দিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।