মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মহান শিক্ষাবিদ, সাহিত্যিক, প্রশাসক আনন্দ ৰাম বৰুৱাৰ মৃত্যু বার্ষিকীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ এটা বাৰ্তাত কয়, যে জনজাতীয় জীৱনক সমৃদ্ধ কৰা অসম সন্তান আনন্দ ৰাম বৰুৱা শিক্ষা, সাহিত্য আৰু প্ৰশাসনৰ ক্ষেত্ৰত এক উজ্জ্বল নক্ষত্ৰ আছিল। পণ্ডিত আনন্দ ৰাম বৰুৱা কেৱল প্ৰথম অসমীয়া প্ৰশাসনীয় বিষয়াই নহয় বৰং সংস্কৃত ভাষা আৰু সাহিত্যৰ জ্ঞানৰ বাবেও তেওঁ বিখ্যাত আছিল। এইগৰাকী মহান ব্যক্তিত্বৰ পাণ্ডিত্য, প্রশাসনিক দক্ষতা আৰু দেশপ্ৰেমে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। আনন্দ ৰাম বৰুৱাৰ মৃত্যু বার্ষিকী উপলক্ষে বিভিন্ন দল-সংগঠনেও আজি তেওঁৰ প্ৰতি শ্রদ্ধা জ্ঞাপন কৰিছে।
Assamese | January 19, 2025 7:07 PM | Anandaram Baruah
শিক্ষাবিদ, সাহিত্যিক, প্রশাসক আনন্দ ৰাম বৰুৱাৰ মৃত্যু বার্ষিকীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শ্রদ্ধাঞ্জলি জ্ঞাপন