ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডত সৰ্ববৃহৎ বিনিয়োগেৰে এই পৰ্যন্ত এহেজাৰ ১০০ খন নতুন বিদ্যালয়ৰ ভৱন নিৰ্মাণ বিভিন্ন পৰ্যায়ত সম্পন্ন হৈছে। স্বাধীনতাৰ পৰৱৰ্তী সময়ত এয়া অত্যন্ত ইতিবাচক পদক্ষেপ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। এই বিদ্যালয়সমূহ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ৫ হাজাৰ কোটি টকা ব্যয় কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কালি যোৰহাটত প্ৰকাশ কৰে। পৰৱৰ্তী ৫ বছৰত ৰাজ্য চৰকাৰে আৰু নতুনকৈ বছৰত ১০০ খনকৈ বিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
Assamese | September 14, 2026 12:30 PM | cm jorhat
শিক্ষাখণ্ডত সৰ্ববৃহৎ বিনিয়োগেৰে এই পৰ্যন্ত ১,১০০ খন নতুন বিদ্যালয়ৰ ভৱন নিৰ্মাণ