শাৰদীয় দুর্গাপূজাৰ আজি বিজয়াদশমী। বিজয়দশমী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয়ৰ প্ৰতীক আৰু এই উৎসৱে সত্য আৰু ন্যায়ৰ পথ অনুসৰণ কৰিবলৈ মানুহক অনুপ্ৰাণিত কৰে। ৰাৱণ দাহন আৰু দুৰ্গা পূজা হিচাপে দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা এই উৎসৱে জাতীয় মূল্যবোধৰ প্ৰতিফলন ঘটায় বুলিও তেওঁ আলোকপাত কৰে। তেওঁ লগতে কয় যে এই উৎসৱে সকলোকে খং আৰু অহংকাৰৰ দৰে নেতিবাচক প্ৰৱণতাক পৰিত্যাগ কৰিবলৈ, আৰু সাহস আৰু দৃঢ়তাৰ দৰে ইতিবাচক প্ৰৱণতাক আকোৱালি ল’বলৈও শিকাইছে। এই উৎসৱে ন্যায়, সমতা আৰু সমন্বয়ৰ সৈতে সকলো মানুহে একেলগে আগবাঢ়ি যোৱা এখন সমাজ আৰু দেশ গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
Assamese | October 2, 2025 12:59 PM | Dashera
শাৰদীয় দুর্গাপূজাৰ আজি বিজয়াদশমী