গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি পুৱা সামৰণি পৰে। পুৱা ৩ বাজি ২৭ মিনিটত অম্বুবাচীৰ নিবৃত্তিৰ পাছত দেৱীস্নান তথা নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। কালিৰেপৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যাৰ দৰ্শনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মন্দিৰৰ দুৱাৰ পৰৱৰ্তী দুদিন অর্থাৎ আজি আৰু কাইলৈ ভি আই পি পাছৰ ব্যৱস্থা বন্ধ থকাৰ উপৰি বিশেষ টিকটৰ ব্যৱস্থাও নাথাকিব। সাধাৰণ ভক্তৰ দৰ্শনৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে।
Assamese | June 26, 2025 11:09 AM | ambubashi mela
শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ সামৰণি