লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ডিব্ৰুগড়ত আজি জিলাভিত্তিত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। জয়ন্তীৰ সৈতে সংগতি ৰাখি এটা পদযাত্ৰা কাৰ্যসূচী উলিওৱা হয়। কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে দেশক স্বাধীন কৰাৰ ক্ষেত্ৰত যিসকলে বলিষ্ঠ পদক্ষেপ লৈছিল আৰু ভাৰতবাসীৰ মনত একতা আৰু অখণ্ডতাৰ অনুভৱ জগাই তুলিছিল সেইসকলৰ ভিতৰত চৰ্দাৰ বল্লভভাই পেটেল অন্যতম।
বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত ৰান ফৰ ইউনিটি তথা ইউনিটি মার্চ- এক ভাৰত আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি বৰবাৰী পুলিচ ৰিজাৰ্ভৰ পৰা বাথৌফুৰি খেলপথাৰলৈ পদযাত্ৰা উলিওৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ জয়ন্ত বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য বেগম আখতাৰা আৰু জিলা আয়ুক্ত গৌতম দাসে চৰ্দাৰ পেটেলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অর্পণ কৰে। মন্ত্ৰী শ্ৰীব্ৰহ্মই এই একতাৰ যাত্ৰাই আমাৰ ৰাষ্ট্ৰীয় সংকল্প আৰু ঐক্যক দৃঢ় কৰি তুলিব বুলি মত প্রকাশ
কৰে।
Assamese | November 8, 2025 8:32 PM | Sarbananda Sonowal
লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ডিব্ৰুগড়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ