April 15, 2024 12:45 PM | Assam | Election 2024

printer

লোকসভা নিৰ্বাচন উপলক্ষে ভোটগ্ৰহণৰ দিনকেইটা ৰাজ্য চৰকাৰৰ বেতনসহ ছুটী ঘোষণা

লোকসভা নিৰ্বাচন উপলক্ষে ৰাজ্য চৰকাৰে ভোটগ্ৰহণৰ দিনকেইটাত বেতনসহ ছুটী ঘোষণা কৰিছে। অসম চৰকাৰৰ শ্রমিক কল্যাণ বিভাগে জাৰি কৰা অধিসূচনা অনুযায়ী অসমত ৩টা পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে’ দিনকেইটাত সকলো কাৰখানা, চাহ বাগিচা, দোকান তথা বাণিজ্যিক প্রতিষ্ঠান, ৰাজহুৱা আমোদ প্রমোদ বা বিনোদন প্রতিষ্ঠানকে ধৰি সকলো উদ্যোগ, কর্মশালা, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বেংক তথা অন্যান্য বিত্তীয় প্রতিষ্ঠানসমূহৰ কৰ্মচাৰীসকলৰ কাৰণে বেতনসহ ছুটী ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে জনপ্ৰতিনিধিত্ব আইনৰ ১৩৫ নম্বৰ ধাৰা অনুযায়ী ভোটগ্রহণ হ’বলগীয়া সমষ্টিৰ ক্ষেত্ৰত সমষ্টিটোৰ বাহিৰত কৰ্মৰত কৰ্মচাৰীসকলৰ বাবেহে এই নির্দেশনা প্রযোজ্য হব। একে ধাৰা অনুযায়ী অসমৰ সীমামূৰীয়া জিলাত বাস কৰা চুবুৰীয়া ৰাজ্যৰ ভোটাৰসকলেও নিজৰ সমষ্টিত ভোটগ্রহণৰ বাবে বেতনসহ ছুটীৰ সুবিধা লাভ কৰিব। পুনৰ নির্বাচন অনুষ্ঠিত কৰিবলগীয়া হ’লেও নির্বাচন অনুষ্ঠিত হোৱাৰ দিনা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত নিৰ্দেশনা প্রযোজ্য হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।