লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী তিনিটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত আছে। জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰি ভোটদাতাক আকৰ্ষিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নিজৰ সংসদীয় সমষ্টি উত্তৰ প্ৰদেশৰ বাৰাণসীত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। ৰোড শ্ব’ৰ সময়ত পথৰ দুয়োকাষে হাজাৰ হাজাৰ লোক সমবেত হোৱা পৰিলক্ষিত হয়। শ্রীমোদীয়ে সন্ধিয়াৰ ভাগত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বাহিৰৰ মহামনা মোদন মোহন মালব্যৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য তৰ্পণ কৰাৰ পাছত ৫ কিলোমিটাৰ দীঘলীয়া এই ৰোড শ্ব’ আৰম্ভ কৰে । একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি মহাৰাষ্ট্ৰৰ ধুলেত প্ৰচাৰ সভাত অংশ লয়। তেওঁ কয় যে, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে ভাৰত তৃতীয় সর্ববৃহৎ অর্থনীতিত পৰিণত হ’ব। কংগ্ৰেছৰ ১০ বছৰীয়া শাসনকালত ভাৰতীয় অর্থনীতি একাদশ স্থানত আছিল বুলি উল্লেখ কৰি শ্রীশ্বাহে লগতে কয় যে, ইয়াৰ পৰিৱৰ্তে এন ডি এ চৰকাৰে দেশক পঞ্চম স্থানলৈ উন্নীত কৰিলে। ইফালে অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই কালি পাঞ্জাবৰ পাটিয়ালাত দলীয় প্ৰাৰ্থীৰ হৈ এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। ড° শৰ্মাই কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ বুজাবুজিয়ে পঞ্জাৱক সম্পূৰ্ণৰূপে ধ্বংস কৰিলে আৰু প্ৰগতিশীল পাঞ্জাবৰ বাবে এতিয়া বিজেপিয়ে হৈছে একমাত্র বিকল্প বুলি মন্তব্য কৰে। আনহাতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ভগ্নী তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাড়াৰ সৈতে কালি ৰায়বৰেলীত প্ৰচাৰ চলায়। শ্রীগান্ধীয়ে কয় যে, কংগ্ৰেছ দল ক্ষমতালৈ আহিলে দলে কৃষকসকলৰ ঋণ মাফ কৰিব। ইফালে বি এছ পিৰ মুৰববী মায়াৱতীয়ে কালি উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এখন নির্বাচনী সভাক সম্বোধন কৰে। বিজেপিক আক্ৰমণ কৰি শ্ৰীমতী মায়াৱতীয়ে কয় যে, গেৰুৱা দলটোক এইবাৰ ক্ষমতালৈ নাহে।
Assamese | May 14, 2024 11:15 AM | PM Campaign
লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী তিনিটা পৰ্যায়ৰ প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত