লোকসভাত কাইলৈ এখন দেশ, এটা নির্বাচন সন্দৰ্ভত দুখন বিধেয়ক উত্থাপন কৰা হ’ব। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ১২৯ সংখ্যক সংবিধান সংশোধনী বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক নিম্ন সদনত উত্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত দেশত লোকসভা আৰু বিধানসভাৰ নির্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে সংবিধান সংশোধনী বিধেয়কৰ প্ৰস্তাৱত অনুমোদন দিয়ে।
প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠন হোৱা উচ্চ পৰ্যায়ৰ এখন সমিতিয়ে ৰাজনৈতিক দলৰ নেতা আৰু বিশেষজ্ঞসকলকে ধৰি অন্যান্য অংশীদাৰীসকলৰ সৈতে এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে । এখন দেশ এটা নির্বাচন ব্যৱস্থা দুটা পৰ্যায়ত ৰূপায়ণ কৰা হ’ব। প্ৰথম পৰ্যায়ত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হ’ব আৰু পঞ্চায়ত তথা পৌৰসভাৰ দৰে স্থানীয় নিকায়সমূহৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচনৰ ১০০ দিনৰ ভিতৰত অনুষ্ঠিত হ’ব।
Assamese | December 15, 2024 11:23 AM | One Nation One Election
লোকসভাত সোমবাৰে উত্থাপিত হ’ব এখন দেশ, এটা নির্বাচন সন্দৰ্ভত দুখন বিধেয়ক