অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত আহ্বান জনাইছে। ২০১৯ বৰ্ষৰে পৰা ৰাজ্যৰ মৰাণ, মটক, টাই-আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে দাবী উত্থাপিত হৈ আহিছে যদিও আজিও এই দাবী বাস্তৱত পৰিণত নহ’ল বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয়, যে এই ছটা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে ৰাজ্যত ইতিমধ্যে থকা জনজাতীয় লোকসকলৰ কোনো অসুবিধা নহ’ব। এই ক্ষেত্ৰত তেওঁ কয়, যে ৰাজ্যৰ জনজাতীয় জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ বাবে ইতিমধ্যে স্বায়ত্তশাসিত পৰিষদ আছে আৰু পৰিষদসমূহে নিজৰ নিজৰ জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰি আছে।
Assamese | December 4, 2024 8:37 PM | Gaurav Gogoi
লোকসভাত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে আহ্বান