গুৱাহাটী ক্রীড়া সন্থাৰ উদ্যোগত তথা ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত চলি থকা ৭০ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ফুটবল প্রতিযোগিতাৰ অন্তিম ৰাউণ্ডৰ খেল আজিৰ পৰা অনুষ্ঠিত হৈছে। জজ খেলপথাৰত অনুষ্ঠিত অন্তিম ৰাউণ্ডৰ প্ৰথমখন খেলত উত্তৰ-পূব ৰে’লৱে বাৰেকুৰি এফ চিৰ মুখামুখি হৈছে। খেলখনৰ পূৰ্বে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত কেবিনেট মন্ত্রী জয়ন্ত মল্লবৰুৱা আৰু মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন জনগোষ্ঠীয় নৃত্য-গীত পৰিৱেশন কৰা হয়। উল্লেখযোগ্য যে এইবাৰ বৰদলৈ ট্ৰফী তিনিটা পৰ্যায়ত ৩৫ খন জিলাত অনুষ্ঠিত হৈছে।
Assamese | March 2, 2025 9:27 PM | Bardoloi Trophy
লোকপ্ৰিয় গোপীনাথ বৰদলৈ ফুটবল প্রতিযোগিতাৰ অন্তিম ৰাউণ্ডৰ খেল আজিৰ পৰা আৰম্ভ