লোকপ্রিয় গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ বাবে অসম চৰকাৰৰ সিদ্ধান্ত

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, যে মন্ত্রীসভাই লোকপ্রিয় গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্রহণ কৰিছে। গুৱাহাটী মহানগৰৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্রকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগত প্রকাশ কৰে।

তেওঁ লগতে কয়, যে ৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিবেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২১ দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনতে বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাই ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে পূর্ণাংগ বাজেট উত্থাপন কৰিব।