ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিঅ’ গুটাৰেছে ইজৰাইল আৰু হিজবুল্লাৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতে ভাৰতে লেবাননত শান্তিৰক্ষী বাহিনী প্ৰেৰণ কৰাৰ বাবে ভাৰতৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে। পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত কালি সুৰক্ষা পৰিষদৰ এখন জৰুৰী বৈঠকত শ্ৰী গুটাৰেছে কয় যে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীয়ে লেবাননত সেৱা অব্যাহত ৰাখিছে। তেওঁ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ সামৰিক আৰু অসামৰিক সদস্যসকলক দেশসমূহত সেৱা প্ৰদান কৰাৰ অৱদানক প্ৰশংসা কৰিছে। ভাৰতৰ প্ৰায় ৯০০ নিৰাপত্তাৰক্ষীয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীত সেৱা আগবঢ়াই আছে।
Assamese | October 3, 2024 7:45 PM | UN India
লেবাননত শান্তিৰক্ষী বাহিনী প্ৰেৰণৰ বাবে ভাৰতৰ প্ৰতি ৰাষ্ট্ৰসংঘৰ সচিবপ্রধানৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন