লিবিয়াত থকা ভাৰতীয় দূতাবাসে লিবিয়াৰ বেনগাজিৰ পৰা ১৮গৰাকী ভাৰতীয়ক স্বদেশলৈ ঘূৰাই অনাৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। এই ১৮গৰাকী ভাৰতীয় আজি স্বদেশত উপস্থিত হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে সামাজিক মাধ্যমৰ এটা পোষ্টত এই বিষয়ে প্ৰকাশ কৰি কৈছে যে এই ভাৰতীয় লোককেইজন কামৰ বাবে লিবিয়ালৈ গৈছিল আৰু কেইবা সপ্তাহ ধৰি তাত আবদ্ধ হৈ আছিল। তেওঁ কয় যে দূতাবাসে স্থানীয় প্ৰশাসনৰ সৈতে সহযোগিতাৰে কাম কৰি যাত্ৰাৰ বাবে প্ৰয়োজনীয় নথি আৰু অনুমতিৰে লোককেইজনক স্বদেশলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ পূৰ্বে যোৱা বছৰৰ অক্টোবৰত একেটা দলৰে আন তিনিগৰাকী লোক স্বদেশলৈ উভতি আহিছিল। বিদেশত থকা সকলো ভাৰতীয় লোকৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে ভাৰত চৰকাৰ সদায় প্রতিশ্রুতিবদ্ধ বুলি শ্ৰীজয়ছৱালে লগতে মন্তব্য কৰে।
Assamese | February 5, 2025 7:58 PM | Libya Indians Return
লিবিয়াত থকা ১৮গৰাকী ভাৰতীয়ক স্বদেশলৈ ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ