লাভলীনা বৰগোহাঁইৰ এছিয়ান গেমছৰ ৭৫ কিলোগ্রাম ওজন শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ

অসম কন্যা লাভলীনা বৰগোহাঁইয়ে আজি এছিয়ান গেমছৰ ৭৫ কিলোগ্রাম ওজন শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী চিয়ং শূয়েনক ৫-০ ব্যৱধানত পৰাস্ত কৰে। কালি অংকুশ, শচীন, নৰেন্দৰ আৰু পাৰবিনে নিজ নিজ ওজন শাখাত ছেমি ফাইনেলত প্ৰৱেশেৰে চাৰিটা পদক নিশ্চিত কৰিছে।