লাডাখৰ লোকসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে লাডাখৰ ৰাজ্যিক আইকন ফুনচ’ক লাডাখৰ নেতৃত্বত ভোটাদাতাৰ সজাগতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ভোটদাতাৰ সজাগতা বৃদ্ধিৰ বাবে যোগাভ্যাসৰ প্ৰশান্তি তথা ধনুর্বিদ্যাৰ উত্তেজনাৰ সমন্বয়ৰে আয়োজিত এটা অনুষ্ঠানত ব্যাপক সংখ্যাক লোক অংশগ্ৰহণ কৰে। জানচকাৰৰ চেক্রেড চানি লেইকত আয়োজিত এই অনুষ্ঠানটোত স্থানীয় সম্প্রদায়, জানচকাৰৰ এচ ডি এম, কাৰ্গিল ছুইপৰ নডেল অফিচাৰকে ধৰি বিভিন্ন ক্ষেত্ৰৰ লোকে অংশগ্ৰহণ কৰে। চেক্ৰেড চানি হ্ৰদৰ প্ৰাকৃতিক সৌন্দৰ্যৰ দৃষ্টিনন্দন দৃশ্যা পশ্চাদপটত ৰাখি ৰাজ্যিক আইকন ফুনচক লাডাখি তথা যোগগুৰুসকলে সমবেত লোকসকলক যোগাভ্যাস কৰোৱায়। তাৰপাছত ছুইপ দল, এছ ডি এম আৰু নিৰ্বাচনী দলৰ প্ৰতিনিধিসকলে ধনুৰ বিদ্যাত তেওঁলোকৰ সামৰ্থ প্ৰদৰ্শন কৰে। বন্ধুত্বপূৰ্ণ এই প্রতিযোগিতাত সমবেত লোকসকলক মনোৰঞ্জন দিয়াৰ লগতে অঞ্চলটোৰ ভৱিষ্যত নিৰ্ধাৰণ কৰাত নিৰ্বাচনী প্ৰক্ৰিয়াত ভোটদাতাৰ অংশগ্ৰহণৰ গুৰুত্ব সন্দৰ্ভতো আলোকপাত কৰা হয় ৷
Assamese | May 12, 2024 8:26 PM | Ladakh
লাডাখৰ ৰাজ্যিক আইকন ফুনচ’ক লাডাখৰ নেতৃত্বত ভোটাৰ সজাগতা অভিযান