লাডাখত যোৱা শনিবাৰৰ পৰা তীব্ৰ তুষাৰপাত হোৱাৰ ফলত লেহ পাৰ্বত্য পৰিষদে সকলো জৰুৰীকালীন সেৱা বিভাগ আৰু কৰ্মীসকলৰ বাবে সতর্কতা জাৰী কৰিছে। মুখ্য কাৰ্যবাহী কাউন্সিলাৰ তাছী গ্যালচনে সংশ্লিষ্ট সকলো বিষয়াক সতৰ্ক হৈ থকাৰ লগতে যিকোনো জৰুৰী আহ্বানৰ প্ৰতি তৎকালীনভাৱে সঁহাৰি দিবলৈ নিৰ্দেশ দিছে। অঞ্চলটোৰ দুৰ্যোগ সঁহাৰি বাহিনী ইতিমধ্যে সাজু কৰি ৰখা হৈছে। অঞ্চলটোৰ কৃষি আৰু উদ্যান শস্য খণ্ড ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে। ৰাজহুৱা সম্পত্তি তথা জীৱন ধাৰণৰ সৈতে জড়িত আন্তগাঁথনিসমূহত হোৱা ক্ষয়-ক্ষতিৰ সমীক্ষা চলাবলৈ ইতিমধ্যে সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়া হৈছে। লেহত ৮ ঘণ্টা পর্যন্ত বিদ্যুৎ সেৱা ব্যাহত থকাৰ পাছত সম্প্রতি এই সেৱা পুনৰ প্ৰৱৰ্তন কৰা হৈছে। লেহ-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা অন্যান্য প্রধান পথসমূহ ভূমিস্খলনৰ বাবে বন্ধ হৈ আছে। তদুপৰি লেহলৈ সকলো বিমান বাতিল কৰা হৈছে। স্থানীয় অধিৱাসী তথা পৰ্যটকসকলক সুৰক্ষা নিয়মাৱলী অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
Assamese | April 20, 2025 8:53 PM | Ladakh
লাডাখত তীব্ৰ তুষাৰপাতৰ ফলত লেহ পাৰ্বত্য পৰিষদে সকলো জৰুৰীকালীন সেৱা আৰু কৰ্মীক সতর্কতা জাৰী