লখিমপুৰ জিলা প্রশাসনে অহা বুধবাৰে জিলাখনৰ বিভিন্ন স্থানত উচ্ছেদ অভিযান চলাবলৈ প্রস্তুতি সম্পূর্ণ কৰিছে। জিলা আয়ুক্তই ইতিপূর্বে জাৰি কৰা জাননী অনুসৰি বুধবাৰে বিহপুৰীয়া ৰাজহ চক্ৰৰ ১ নম্বৰ ধৰ্মপুৰত, ৬ নৱেম্বৰত উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লীলাবাৰিৰ বালিজানত, ১২ নবেম্বৰত কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বগীনদী পি জি আৰ আৰু ১৪ নৱেম্বৰত উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ কৈলামাৰী আৰু বৰবিলত উচ্ছেদ অভিযান চলোৱা হ’ব। চৰকাৰী ভূমিত অবৈধভাবে দখল কৰি ঘৰ-দুৱাৰ নিৰ্মাণ কৰা লোকসকললৈ উচ্ছেদৰ জাননী ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।
Assamese | November 1, 2026 8:19 PM | eviction
লখিমপুৰৰ বিভিন্ন স্থানত উচ্ছেদ অভিযান চলাবলৈ প্রস্তুতি সম্পূর্ণ প্ৰশাসনৰ