যোৱা পাঁচটা দশকত এইবাৰ প্ৰথম দীপাৱলী, য’ত নক্সালবাদমুক্ত এখন দেশে পোহৰৰ উৎসৱ উদযাপন কৰিছে বুলি গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰকাশ

পৰিয়ালৰ পৰা দূৰত থাকি দেশৰ সুৰক্ষাত নিয়োজিত সুৰক্ষা কৰ্মীসকলৰ সৈতে দীপাৱলী উদযাপন কৰাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা পৰম্পৰাত পৰিণত কৰিছে বুলি গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰি শ্ৰীশ্বাহে এইবাৰ বাষ্টাৰৰ অৰণ্যত দীপাৱলী উদযাপন কৰাটোক উল্লেখনীয় পদক্ষেপ বুলি প্রকাশ কৰি কয় যে এসময়ত এই অঞ্চলত নক্সালবাদীয়ে হিংসাত্মক কার্য সংঘটিত কৰিছিল।

কিন্তু বর্তমান তাত শান্তি আৰু উন্নয়নৰ নতুন অধ্যায় ৰচনা হৈছে। শ্রীশ্বাহে লগতে গুৰুত্ব আৰোপ কৰি কয় যে যোৱা পাঁচটা দশকত এইবাৰ প্ৰথম দীপাৱলী, য’ত নক্সালবাদমুক্ত এখন দেশে পোহৰৰ উৎসৱ উদযাপন কৰিছে।

দেশৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ যোদ্ধাসকলৰ নামত গৃহমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানটি উচৰ্গা কৰা বুলিও উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।