ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সঞ্চালক কমলজিৎ তালুকদাৰে আজি যোৰহাট জিলাৰ কাকজান খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ বান সাহায্য শিবিৰ আৰু চিকিৎসা শিবিৰসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ছোৱাত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, জিলা কাৰ্যসূচী প্ৰবন্ধক আৰু খণ্ড কাৰ্যসূচী পৰিচালনা গোটৰ বিষয়াসকল উপস্থিত থাকে।
সঞ্চালকগৰাকীয়ে বান ক্ষতিগ্রস্ত লোকসকলৰ বাবে সাহায্য আৰু চিকিৎসা সেৱা ব্যৱস্থা অধিক সুদৃঢ় আৰু ক্ষীপ্ৰ কৰি তুলিবলৈ প্ৰয়োজনীয় পৰামৰ্শ দিয়ে।
ইপিনে জিলাখনৰ টিপমীয়া স্বাস্থ্য খণ্ডৰ অধীনত স্থাপন কৰা সাহায্য শিবিৰসমূহত আজি স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু সজাগতা সভা সফলভাৱে অনুষ্ঠিত কৰা হয়।