July 20, 2026 7:11 PM

printer

যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বান ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত সাহায্য বিতৰণ

যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বান ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত জিলা প্ৰশাসনৰ সহযোগত চলি থকা সাহায্য বিতৰণ কাৰ্যসূচীত আজি বিধায়ক বিকাশ শ‍ইকীয়া উপস্থিত থাকে। বিধায়ক শ‍ইকীয়াই অঞ্চলটোৰ দূৰ্দশাগ্রস্ত লোকসকলক সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে পশুধনৰ বাবে পশু খাদ্য দিয়াৰ ব্যৱস্থাৰ তদাৰক কৰে।

ইফালে অঞ্চলটোৰ বনাই ধানতোলা অঞ্চলত ৰাষ্ট্ৰীয় দুৰ্যোগ প্রশমন বাহিনীয়ে বান ক্ষতিগ্রস্ত অঞ্চলত উদ্ধাৰ অভিযান চলায়।